মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
মাধৱদেৱৰ নামঘোষাৰ পৰা উদ্ধিত
মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য,
ভজো হেন দেৱ যদুপতি॥
যাৰ ৰাম কৃষ্ণ নাম, নাৱে ভৱ সিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰাহো হৃদয়ত॥
মত্স্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ-কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম॥
Comments
Post a Comment