Posts

মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো

  মাধৱদেৱৰ নামঘোষাৰ পৰা উদ্ধিত মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগোহো ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য, ভজো হেন দেৱ যদুপতি॥ যাৰ ৰাম কৃষ্ণ নাম, নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম্পদ পাপী যত। সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰাহো হৃদয়ত॥ মত্‍স্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম হলীৰাম বৰাহ শ্ৰীৰাম। বুদ্ধ-কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোহো প্ৰণাম॥

অসমীয়া খাদ্যত বিশ্বায়নৰ প্ৰভাৱ আৰু পৰিৱৰ্তন।

অসমীয়া খাদ্যত বিশ্বায়নৰ  প্ৰভাৱ আৰু পৰিৱৰ্তন: অৱতৰণিকা: বিভিন্ন প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ ভাৰতৰ উত্তৰ -পূব প্ৰান্তত অৱস্থিত অসম এখন ৰাজ্য । অসম বিভিন্ন প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ হোৱাৰ সেতুক অসমৰ খাদ্যভ্যাসত ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। অসমৰ মানুহ প্ৰাকৃতিকভাৱে পোৱা খাদ্যৰ ওপৰতে নিৰ্ভৰশীল। কিয়নো প্ৰাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহ খুৱেই স্বাস্থ্যসন্মত তথা সহজলভ্য আৰু সুলভ লগতে এই খাদ্যসমূহৰ খাদ্য গুণো অপাৰ । বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসমত যি দৰে বাৰেৰহনীয়া সংস্কৃতি পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যভ্যাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক । বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক অন্য এক মাত্ৰা প্ৰদান কৰিছে। অসমীয়া খাদ্য বা অসমীয়া আহাৰ বিভিন্ন আৰ্য আৰু আৰ্যভিন্ন উপাদানেৰে গঠিত হৈছে। অসমৰ  খাদ্য তালিকা বা খাদ্যসম্ভাৰ ইয়াৰ ভৌগালিক কাৰণত গঢ় লৈ উঠিছে l ইয়াৰ বিভিন্ন বাতাবৰণৰ বাবেই খাদ্য তথা ৰন্ধন প্ৰণালীও ভিন্ন ভিন্ন। খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ। খাদ্যত জীৱৰ বাবে প্ৰয়োজনী বিভিন্ন উপাদান যেনে: প্ৰটিন, শকৰ...